June 19, 2024 9:10 PM

views 56

সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়লৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ কোনো ধৰণৰ আলোচনা অবিহনে ইচ্ছামতে এই মূর্তিসমূহ আতৰ কৰা কাৰ্যই গণতন্ত্ৰৰ মূল ভাৱনা ভংগ কৰা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে, প্...

June 14, 2024 8:15 PM

views 65

NEET বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই চৰকাৰক তীব্র সমালোচনা

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি NEET বিষয়ত চৰকাৰক তীব্র সমালোচনা কৰে। NEET পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অপব্যৱহাৰ কৰি নম্বৰ আৰু বেংকত ব্যাপক খেলিমেলি সংঘটিত কৰিছে। শ্ৰী খাৰ্গেই এটা টুইটযোগে চৰকাৰৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে ২৪ লাখ ছাত্ৰ-ছাত্ৰীৰ আশা-আকাংক্ষাক চূৰ্ণ কৰি পেলাইছে।

May 11, 2024 7:54 PM

views 77

প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত মল্লিকার্জুন খাৰ্গেৰ আপত্তি

কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেই প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত আপত্তি দর্শাইছে। নির্বাচন আয়োগলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্রীখাগেই ভোটদানৰ হাৰ সন্দৰ্ভত প্ৰকৃত তথ্য নিৰপেক্ষভাৱে ৰাজহুৱা কৰিবলৈ আয়োগক আহ্বান জনায়। তেওঁ কয় যে, নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত বহু ভোটদাতাই ভোটদানৰ প্ৰকৃত হাৰ সন্দৰ্ভত জানিবলৈ আগ্রহী। শ্রীখাৰ্গেৰ লগতে শাসনাধিস্থিত দলৰ কেইবগৰাকীও নেতাই নির্বাচনী প্রক্রিয়া চলি থকাৰ সময়তে কৰা সাম্প্ৰদায়িক আ...

May 7, 2024 2:49 PM

views 67

ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। বিৰোধী মৰ্চা আই এড ডি আইৰ নেতৃবৰ্গলৈ লিখা এখন পত্ৰত তেওঁ কয় যে নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত হাৰ প্ৰকাশ নকৰাটোৱে প্ৰকৃত তথ্যৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ মনত হোৱা এই সন্দেহৰ পৰিপ্ৰেক্ষিতত আয়োগে কেৱল প্ৰতিটো লোকসভা সমষ্টিৰ তথ্যই নহয়, বৰং প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰৰ ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰা উচিত। প্রথ...

April 29, 2024 8:30 PM

views 62

কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ নির্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিৰ গুৰমিটকলত এখন নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। ভাষণ প্ৰসংগত শ্রীখার্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বর্ধিত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে আই এন ডি আই বিৰোধী ঐক্যমঞ্চ শাসনলৈ আহে তেতিয়া প্ৰতিটো ঘৰৰ এগৰাকী মহিলাক এক লাখ টকাকৈ প্ৰদান কৰা হ'ব। শ্রীখাৰ্গেই ১৯৭২ চনৰ পৰা ২০০৪ চনলৈকে গুৰমিটকল বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰিছিল। তেওঁ কয় যে, বিধায়ক হিচাপে আৰু কেবিন...

April 24, 2024 8:49 PM

views 86

সমাজ পৰিৱৰ্তনৰ বাবে বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজনঃ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই কৈছে যে, এৰাতিৰ ভিতৰতে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি আৰু ইয়াৰ বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজন। দিল্লীত কংগ্ৰেছে আয়োজন কৰা সামাজিক ন্যায় সমাৱৰ্তনত ভাষণ প্ৰদান কৰি শ্ৰীখার্গেই লগতে কয় যে, কংগ্ৰেছৰ প্ৰখ্যাত নেতাসকলে দুয়োটাৰে নিশ্চিতি প্ৰদান কৰে। তেওঁ লগতে কয় যে, জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ এটা ইতিহাস আছে আৰু এম জি এনৰেগা, তথা জনাৰ অধিকাৰ আৰু খাদ্য সুৰক্ষাৰ অধিকাৰ আদিৰ ৰূপায়ণে দলটোৰ দায়বদ্ধতাক সঁচা প্ৰতিফলি...

April 19, 2024 8:37 PM

views 88

বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছেঃ মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে কৈছে যে, বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে। তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে৷ বিহাৰৰ কাটিহাৰত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী খাৰ্গেই কয় যে, তেওঁৰ দলে সংবিধানক ৰক্ষা কৰাৰ বাবে বিভাজনকাৰী শক্তিসমূহৰ বিৰুদ্ধে আহ্বান জনাইছে৷ তেওঁ কয় যে, বিজেপিয়ে ধনবল আৰু বিধি বলৱৎকাৰী সংস্থাসমূহৰ অপপ্ৰয়োগৰে বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছে। ই...

April 6, 2024 7:54 PM

views 66

কংগ্ৰেছে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে : মল্লিকার্জুন খার্গে

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কৈছে যে, দলে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে। জয়পুৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীখাৰ্গেই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছে ইয়াৰ ৫৫ বছৰীয়া শাসন কালত উন্নয়নৰ হকে কাম কৰিছে, আন্তঃগাঁথনি গঢ়ি তুলিছে, আই আই টি, আই আই এমৰ দৰে প্ৰতিষ্ঠান স্থাপন কৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে স্থাপন কৰা ৰেলপথেৰে নতুন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰি বিজেপিয়ে কৃতিত্ব লৈছে। বিজেপিয়ে গেৰাণ্টি শব্দটো চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰি শ্রীখার্গেই কয...

April 5, 2024 7:10 PM

views 135

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ মনোনয়ন পত্ৰ দাখিল

◊ দেশৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সমাবেশত সমবেত লোকসকলক সম্বোধন কৰিব। শ্রীমোদী কাইলৈ পুস্কৰত উপস্থিত হ'ব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে ছিট্টোগড়ৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ সমদলত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰে।