কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কৈছে যে, দলে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে। জয়পুৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীখাৰ্গেই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছে ইয়াৰ ৫৫ বছৰীয়া শাসন কালত উন্নয়নৰ হকে কাম কৰিছে, আন্তঃগাঁথনি গঢ়ি তুলিছে, আই আই টি, আই আই এমৰ দৰে প্ৰতিষ্ঠান স্থাপন কৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে স্থাপন কৰা ৰেলপথেৰে নতুন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰি বিজেপিয়ে কৃতিত্ব লৈছে। বিজেপিয়ে গেৰাণ্টি শব্দটো চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰি শ্রীখার্গেই কয় যে, কংগ্ৰেছে যিসমূহ ৰাজ্যত ক্ষমতাত আছিল সেইসমূহ ৰাজ্যত প্ৰতিশ্ৰুতি পূৰণ কৰিছে। কংগ্ৰেছ ৫৫ বছৰত কৰা কামৰ খতিয়ান দিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে। নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ নেত্ৰী তথা দলৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীয়ে কয় যে, বিগত ১০ বছৰত দেশ এনে এখন চৰকাৰৰ হাতত আছে যিখন চৰকাৰে কৰ্ম সংস্থাপনহীনতা, মুদ্রাস্ফীতি, অর্থনৈতিক বিপর্যয় আৰু অসমতা বৃদ্ধিত হাত উজান দিছে। তেওঁ লগতে কয় যে, দেশ অকল কেইজনমানৰ সম্পত্তি নহয়, বৰং সকলোৰে।
Assamese | April 6, 2024 7:54 PM | mallikarjun kharge
কংগ্ৰেছে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে : মল্লিকার্জুন খার্গে