কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে কৈছে যে, বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে। তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে৷ বিহাৰৰ কাটিহাৰত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী খাৰ্গেই কয় যে, তেওঁৰ দলে সংবিধানক ৰক্ষা কৰাৰ বাবে বিভাজনকাৰী শক্তিসমূহৰ বিৰুদ্ধে আহ্বান জনাইছে৷ তেওঁ কয় যে, বিজেপিয়ে ধনবল আৰু বিধি বলৱৎকাৰী সংস্থাসমূহৰ অপপ্ৰয়োগৰে বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছে। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ দৰে কংগ্ৰেছ নেতাসকলে দেশৰ একতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে যদিও বিজেপিৰ তেনে কোনো ইতিহাস নাই বুলি শ্রী খাৰ্গেই প্রকাশ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কিষাণগঞ্জত আন এখন সভাত অংশগ্ৰহণ কৰে।
Assamese | April 19, 2024 8:37 PM | mallikarjun kharge
বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছেঃ মল্লিকাৰ্জুন খাৰ্গে