April 24, 2024 8:49 PM | mallikarjun kharge

printer

সমাজ পৰিৱৰ্তনৰ বাবে বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজনঃ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই কৈছে যে, এৰাতিৰ ভিতৰতে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি আৰু ইয়াৰ বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজন। দিল্লীত কংগ্ৰেছে আয়োজন কৰা সামাজিক ন্যায় সমাৱৰ্তনত ভাষণ প্ৰদান কৰি শ্ৰীখার্গেই লগতে কয় যে, কংগ্ৰেছৰ প্ৰখ্যাত নেতাসকলে দুয়োটাৰে নিশ্চিতি প্ৰদান কৰে। তেওঁ লগতে কয় যে, জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ এটা ইতিহাস আছে আৰু এম জি এনৰেগা, তথা জনাৰ অধিকাৰ আৰু খাদ্য সুৰক্ষাৰ অধিকাৰ আদিৰ ৰূপায়ণে দলটোৰ দায়বদ্ধতাক সঁচা প্ৰতিফলিত কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই সমাৱৰ্তনত সম্বোধন কৰে।