কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেই প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত আপত্তি দর্শাইছে। নির্বাচন আয়োগলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্রীখাগেই ভোটদানৰ হাৰ সন্দৰ্ভত প্ৰকৃত তথ্য নিৰপেক্ষভাৱে ৰাজহুৱা কৰিবলৈ আয়োগক আহ্বান জনায়। তেওঁ কয় যে, নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত বহু ভোটদাতাই ভোটদানৰ প্ৰকৃত হাৰ সন্দৰ্ভত জানিবলৈ আগ্রহী। শ্রীখাৰ্গেৰ লগতে শাসনাধিস্থিত দলৰ কেইবগৰাকীও নেতাই নির্বাচনী প্রক্রিয়া চলি থকাৰ সময়তে কৰা সাম্প্ৰদায়িক আৰু জাতিকেন্দ্ৰিক মন্তব্যৰ বিৰুদ্ধে আয়োগে জৰুৰীভাৱে কাৰ্যপন্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে আই এন ডি আই মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নির্বাচন আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অভিষেক মনু সিংঘভিয়ে কয় যে, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে এহাজাৰ ৫০০ৰো অধিক আপত্তি উঠিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈও আপত্তি দর্শায়। তেওঁ কয় যে, তথ্য সময়মতে প্ৰকাশ কৰিলে কোনো সন্দেহৰ অৱকাশ নাথাকে। তেওঁ আয়োগক শীঘ্ৰে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়। তৃণমূল কংগ্ৰেছৰ নেতা ডেকে অব্ৰায়ন, ডি এম কেৰ টি আৰ বালু, সমাজবাদী পাৰ্টীৰ জাভেদ আলী খান, চি পি আইৰ বিনয় বিশ্বম প্রতিনিধি দলটোৰ সদস্য আছিল।
Assamese | May 11, 2024 7:54 PM | Congress | LOK SABHA ELECTION CAMPAIGN | Lok Sabha polls | Lok Sabha seats | mallikarjun kharge
প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰ সৰ্বমুঠ ভোটদানৰ হাৰ প্ৰকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত মল্লিকার্জুন খাৰ্গেৰ আপত্তি