June 19, 2024 9:10 PM | mallikarjun kharge

printer

সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়লৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ কোনো ধৰণৰ আলোচনা অবিহনে ইচ্ছামতে এই মূর্তিসমূহ আতৰ কৰা কাৰ্যই গণতন্ত্ৰৰ মূল ভাৱনা ভংগ কৰা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে, প্ৰতিটো মূৰ্তি আৰু মূর্তিসমূহ স্থাপন কৰা সংসদ ভৱন চৌহদৰ প্ৰতিটো অংশৰ বিশেষ গুৰুত্ব আছে। শ্রীখাৰ্গে কয় যে, সংশ্লিষ্ট পক্ষসমূহৰ সৈতে সঠিক আলাপ আলোচনা অবিহনে মূর্তিসমূহ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এয়া সংসদীয় পৰম্পৰা আৰু নীতি নিয়মৰ পৰিপন্থী। লোকসভা সচিবালয় ইতিমধ্যে মহান নেতাসকলৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ অভিযোগ খণ্ডন কৰি কৈছে যে, এই মূর্তিসমূহ সংসদ ভৱন চৌহদৰ পৰা আঁতৰ কৰা হোৱা নাই। মূর্তিসমূহ প্ৰণালীবদ্ধভাৱে আৰু সন্মান সহকাৰে সংসদ ভৱন চৌহদত স্থাপন কৰা হৈছে বুলি সচিবালয়ে উল্লেখ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।