January 11, 2025 8:22 PM

views 68

মাজুলীৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি

মাজুলী জিলাৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জ্যোতি সংগীতৰ স্বৰলিপিৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া হয়। সংগীতশিল্পী মিতালী গোস্বামীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও জ্যোতি সংগীত গোৱাৰ প্ৰশিক্ষণ দিয়ে।

January 7, 2025 1:21 PM

views 85

মাজুলীত ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা

মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ এখন দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বিজেতা দলক ট্ৰফীসহ নগদ ৭০ হাজাৰ টকা প্ৰদান কৰা হ'ব। আনহাতে মেন অব দ্যা ছিৰিজলৈ ১০ হাজাৰ টকা আৰু ফাইনেল খেলৰ মেন অব দ্যা মেচলৈ ৫ হাজাৰ টকাৰ লগতে প্রতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন আৰু বলাৰক ৫ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব।

January 2, 2025 8:09 PM

views 71

মাজুলীত পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হোৱা বুলি প্ৰকাশ আৰক্ষী সূত্ৰৰ

মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত বিগত বৰ্ষত ১৫৬টা গোচৰ নিষ্পত্তি কৰা হয়। সময়মতে তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ কৰ্তব্যনিষ্ঠা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে এই সাফল্য লাভ কৰা হৈছে বুলি মাজুলী জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে প্রকাশ কৰিছে ।

December 14, 2024 11:15 AM

views 69

মাজুলীত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অনান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউঞ্চৰ গোচৰ, যানবাহন ১৯৮৮ আইনৰ অধীনত নিষ্পত্তিৰ দিহা কৰা হৈছে। ইয়াৰোপৰি বিভিন্ন বেংক ঋণ আদায়, বিজুলী বিল আদায়, বি এছ এন এলৰ ফোন বিল আদায় আদি সন্দৰ্ভত মোকদমা গোচৰসমূহৰ মীমাংসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আৰু মহকুমা ন্য...

November 13, 2024 6:41 PM

views 79

মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মাজুলী জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য,  ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ পৰ্যালোচনা কৰে। মাজুলী সমষ্টিৰ বিধায়ক ভূবন গাম, মাজুলী  জিলাৰ জিলা আয়ুক্ত ৰাতুল পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগু,বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব,বিভাগ দুটাৰ আন জ্যেষ্...

November 12, 2024 1:03 PM

views 65

ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পৰ্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ...

October 29, 2024 6:55 PM

views 63

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ হ'ব। আজি সন্ধিয়াৰে পৰা টিকট ক্রয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ পৰা নিয়মীয়া ফেৰী সেৱা বন্ধ ৰাখিবলগীয়া হৈছিল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে কেন্দ্ৰীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য ...

October 25, 2024 7:46 PM

views 56

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন কৰা হয়। গড়মুৰৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত গ্রন্থকেইখন উন্মোচন কৰা হয়।

October 23, 2024 11:53 AM

views 71

সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি মাজুলীত ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা অতিৰিক্ত আয়ুক্তই সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি জিলাখনৰ মুঠ ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। জিলাখনৰ ১ লাখ ৩২ হাজাৰ ৯৪৭গৰাকী ভোটদাতাই মুঠ ২০১টা ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলে পঞ্চায়তৰ ভোটাৰ তালিকাত নিজৰ নাম https://ermssec.assam.gov.in পোৰ্টেলত চাব পাৰিব। ইফালে, ধুবুৰীৰ বিলাসীপাৰা সমজিলা প্ৰশাসনেও সমাগত পঞ্চায়ত নির্বাচন উপলক্ষে ভোটদাতাৰ তালিকা প্ৰকাশ কৰে। ২০২৩ চনত প্ৰকাশ পোৱা ভোটদাতাৰ তালিকা...

October 22, 2024 11:33 AM

views 65

ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ

■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ পৰা ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰত বুকুত ফেৰীপথ খনন কাৰ্য আৰম্ভ হ'ব। কমলাবাৰী-নিমাতী ফেৰীপথ খনন সম্পূর্ণ নোহোৱালৈকে যাত্রীসকলক অফলামুখ-নিমাতী ঘাটেৰে অহা-যোৱা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জন...