■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ পৰা ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰত বুকুত ফেৰীপথ খনন কাৰ্য আৰম্ভ হ’ব। কমলাবাৰী-নিমাতী ফেৰীপথ খনন সম্পূর্ণ নোহোৱালৈকে যাত্রীসকলক অফলামুখ-নিমাতী ঘাটেৰে অহা-যোৱা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰশাসনে অফলামুখ নিমাতী ঘাটত পর্যাপ্ত ফেৰীৰ ব্যৱস্থা কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | October 22, 2024 11:33 AM | Brahamputra | Majuli
ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ