মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ হ’ব। আজি সন্ধিয়াৰে পৰা টিকট ক্রয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ পৰা নিয়মীয়া ফেৰী সেৱা বন্ধ ৰাখিবলগীয়া হৈছিল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে কেন্দ্ৰীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য চলাই জলপথটো ফেৰী চলাচলৰ বাবে সুগম কৰি তুলিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | October 29, 2024 6:55 PM | Majuli
মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ