মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত বিগত বৰ্ষত ১৫৬টা গোচৰ নিষ্পত্তি কৰা হয়। সময়মতে তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ কৰ্তব্যনিষ্ঠা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে এই সাফল্য লাভ কৰা হৈছে বুলি মাজুলী জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে প্রকাশ কৰিছে ।
Assamese | January 2, 2025 8:09 PM | Majuli
মাজুলীত পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হোৱা বুলি প্ৰকাশ আৰক্ষী সূত্ৰৰ