June 30, 2025 12:40 PM

views 59

মাজুলীৰ কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা

মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ যাত্ৰা কৰা এছ বি প্রীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰে। ইফালে, কালি ব্ৰহ্মপুত্ৰৰ মাজত এছ বি জলতৰি নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। সেয়েহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে। কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ অহা-যোৱা কৰা যাত্ৰীসকলক অফলামুখ ঘাটেৰে জল পৰিবহণ বিভাগে যাত্ৰাৰ ব্যৱস্থা কৰিছে।

May 23, 2025 12:04 PM

views 46

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি

■ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি কৰিছে। ৬ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ নিৰ্মাণ ব্যয় আনুমানিক ৬০০ কোটি ৫১ লাখ টকা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ড০ শৰ্মাই এই সদ্দিচ্ছামূলক প্ৰয়াসৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

May 22, 2025 6:57 PM

views 63

উদ্ভাৱনী চিন্তাধাৰাৰে মাজুলীক অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগক আহ্বান ৰঞ্জিত কুমাৰ দাসৰ

মাজুলীক পৰ্যটকৰ বাবে অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগে পৰম্পৰাগতভাৱে কৰি অহা কামৰ উপৰি উদ্ভাৱনী চিন্তাধাৰাৰে পদক্ষেপ ল'বলৈ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত বিভাগটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে মাজুলীত সত্ৰৰ উপৰি ভৌগলিক আৰু পক্ষী পৰ্যটনৰ দিশৰ পৰা পৰ্যটকৰ বাবে ভালেমান সমল আছে। এই সমলসমূহৰ উচিত ব্যৱহাৰৰ দ্বাৰা পৰ্যটনৰ সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে মাজুলীৰ...

May 3, 2025 11:50 AM

views 67

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।

March 11, 2025 1:18 PM

views 77

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত কৃষক মেলা ২০২৫ অনুষ্ঠিত হৈছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনত জিলা কৃষি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই মেলাত জিলাখনৰ ভালেমান কৃষক আৰু কৃষি কাৰ্যৰ লগত জড়িত লোক উপস্থিত আছে। মেলাখন গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে।

February 9, 2025 7:30 PM

views 65

মাজুলীত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেড আৰু ইষ্টার্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মাজুলীৰ মহকিনাত থকা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই শিবিৰত ৬৫০গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য শিবিৰটোত লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ দাসৰ নেতৃত্বত এটা ১৫-জনীয়া চিকিৎসকৰ দলে স্বাস্থ্য সেৱা আগবঢ়ায়।

January 27, 2025 8:48 AM

views 62

মাজুলীত দেওবাৰৰ পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে। নাট সমাৰোহৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ৰূপালীম নাটখন নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমীয়ে মঞ্চস্থ কৰে। আজি সন্ধিয়া অসীম কুমাৰ নাথৰ পৰিচালনাত মাণিক সোণোৱালৰ নাট বগলী বগা ফোঁট দি যা মঞ্চস্থ কৰা হ'ব।  

January 26, 2025 8:18 PM

views 54

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ

মাজুলীৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত আজি মুদৈবিল নৱপুৰত ৫০ বিঘা কৃষিভূমিত স্থানীয় বিধায়ক ভূৱম গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভোট জলকীয়া খেতিৰ জৰিয়তে কৃষকৰ উপাৰ্জন অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে।

January 24, 2025 7:47 PM

views 51

গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যোন শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত আজি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে। কর্মশালাত কেইবাজনো অভিজ্ঞ মৌ পালক আৰু আগ্ৰহী কৃষকে অংশগ্রহণ কৰিছে।

January 24, 2025 7:45 PM

views 67

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৯৮ চনত স্থাপন হোৱা এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক বিকাশত বিশেষ ভূমিকা পালন কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথম দিনা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান আচার্যকে ধৰি ২৫জন ব্যক্তিয়ে ২৭খন পতাকা উত্তোলন কৰে। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰোহিত শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। কাইলৈ ব...