মাজুলীক পৰ্যটকৰ বাবে অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগে পৰম্পৰাগতভাৱে কৰি অহা কামৰ উপৰি উদ্ভাৱনী চিন্তাধাৰাৰে পদক্ষেপ ল‘বলৈ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত বিভাগটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে মাজুলীত সত্ৰৰ উপৰি ভৌগলিক আৰু পক্ষী পৰ্যটনৰ দিশৰ পৰা পৰ্যটকৰ বাবে ভালেমান সমল আছে। এই সমলসমূহৰ উচিত ব্যৱহাৰৰ দ্বাৰা পৰ্যটনৰ সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে মাজুলীৰ জেংৰাইত দুপৰীয়া স্বদেশ দৰ্শন আঁচনিৰ অধীনত নিৰ্মিত পৰ্যটন প্ৰকল্পটো পৰিদৰ্শন কৰি ইয়াক শীঘ্ৰেই পৰ্যটকৰ বাবে উপযোগী কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো বিভিন্ন আঁচনিৰ কাম-কাজ পর্যালোচনা কৰে। বৈঠকত মাজুলীৰ বিধায়ক ভূৱন গামৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল।
Assamese | May 22, 2025 6:57 PM | Majuli
উদ্ভাৱনী চিন্তাধাৰাৰে মাজুলীক অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগক আহ্বান ৰঞ্জিত কুমাৰ দাসৰ