মাজুলীৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত আজি মুদৈবিল নৱপুৰত ৫০ বিঘা কৃষিভূমিত স্থানীয় বিধায়ক ভূৱম গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভোট জলকীয়া খেতিৰ জৰিয়তে কৃষকৰ উপাৰ্জন অধিক বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে।
Assamese | January 26, 2025 8:18 PM | Majuli
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ