April 25, 2025 8:47 PM

views 60

নগাঁৱত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে প্রতিনিধি দলৰ

নৰৱে’ৰ ৰাষ্ট্রদূত মে’ এলিন ষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে এটা প্রতিনিধি দলে আজি নগাঁও জিলাত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক জিলা আয়ুক্ত কাৰ্যালয়ত আদৰণি জনোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা নৰৱে' দূতাবাসৰ সমৰ্থনত কঠিয়াতলি গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰে। শ্ৰীমতী ষ্...

April 25, 2025 8:36 PM

views 34

মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজী লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু ল'বলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই ...

April 25, 2025 7:24 PM

views 46

মৰাণত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত

ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত পুৱা সংঘটিত অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত হয়। অগ্নিকাণ্ডত এখন হোটেল সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নি নির্বাপক বাহিনীৰ ৮ খন বাহনৰ কেইবাঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।

April 25, 2025 6:52 PM

views 47

অসমৰ ৩ গৰাকী নতুন উদ্যমীক লৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 25, 2025 6:46 PM

views 46

বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্রান্তীয় বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক নোহোৱা বিদ্যালয়সমূহৰ ফলাফল ভৱিষ্যতে কেনেদৰে উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। তদুপৰি পৰিদৰ্শকগৰাকীয়ে শিক্ষা সেঁতুত শিক্ষক শিক্ষাৰ্থীৰ এশ শতাংশ...

April 23, 2025 7:02 PM

views 84

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল'বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈ...

April 23, 2025 6:55 PM

views 46

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শ‍ইকীয়াই পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক কাপুৰুষালী আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

April 22, 2025 12:49 PM

views 68

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

April 21, 2025 11:05 AM

views 281

আজি সতী সাধনী স্মৃতি দিৱস

● আজি সতী সাধনী স্মৃতি দিৱস। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সতী সাধনী দিৱস উপলক্ষে মহিয়সী নাৰীগৰাকীৰ গভীৰ দেশপ্ৰেম আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্রশাসন, সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া জাতি মহিলা সন্...

April 11, 2025 8:47 PM

views 43

বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ

গোলাঘাট জিলাৰ বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো বিগত দুটা দিন ধৰি নিখোজ হৈ থকা বোকাখাটৰ শিলভেটাৰ ৪০ বছৰীয়া বুদ্ধেৰে হাছদাৰৰ বুলি চিনাক্ত কৰা হৈছে। এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে।