ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে ন্যায়িক আদালত ভবন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত জিলা ন্যায় পালিকা আৰু ধুবুৰী উকীল সন্থাৰ তৰফৰ পৰা কেইবাজনকো সম্বর্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত জিলা ন্যায় পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰী, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা বিষয়াকে ধৰি ধুবুৰী উকিল সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।
Assamese | April 26, 2025 8:16 PM | Akashvani News | Dhuburi | Local news
ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন