November 6, 2024 1:09 PM

views 66

আই পি এল, ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব

ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ'ব। ২০২৪ বছৰৰ আই পি এলৰ নীলাম ডুবাইত অনুষ্ঠিত হৈছিল। এইবাৰ ১,১৬৫ গৰাকী ভাৰতীয় আৰু ৪০৯ গৰাকী বিদেশী খেলুৱৈ সহ মুঠ ১,৫৭৪ গৰাকী খেলুৱৈয়ে নীলামৰ বাবে সন্মতি প্ৰকাশ কৰিছে। প্ৰতিটো দলত ৰিটেন কৰা খেলুৱৈ সহ সৰ্বাধিক ২৫ গৰাকী খে...

November 1, 2024 12:40 PM

views 46

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগ

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাখিছে। বিগত আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদত ভাৰতৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ১৪ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰে। ইপিনে চেন্নাই ছুপাৰ কিংছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক পুনৰ আন এটা সংস্কৰণৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মা, যশপ্রীত বুমৰাহ, হার্দিক পাণ্ডিয়াক দলত ৰাখিছে। গুজৰাট টাইটানছে ৰছিদ খানক ১৮ কোটি, চান...

October 31, 2024 7:54 PM

views 36

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাজস্থান ৰয়েলছত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাখিছে। বিগত আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদত ভাৰতৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ১৪ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰে। ইপিনে চেন্নাই ছুপাৰ কিংছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক পুনৰ আন এটা সংস্কৰণৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মা, যশপ্রীত বুমৰাহ, হার্দিক পাণ্ডিয়াক দলত ৰাখিছে। গুজৰাট টাইটানছে ৰছিদ খানক ১৮ কোটি, চান...

May 25, 2024 5:52 PM

views 57

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 25, 2024 11:42 AM

views 55

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্রুব জুৰেলে ৩৫টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দাবাদৰ শ্বাহবাদ আহমেদে তিনিটা আৰু অভিষেক শৰ্মাই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰা...

May 24, 2024 8:40 PM

views 63

আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল ৰাজস্থান ৰয়েলছ বনাম  ছানৰাইজাৰ্ছ হায়দাবাদ

চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ  ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক পৰাস্ত কৰি ইতিমধ্যে প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

May 20, 2024 12:49 PM

views 43

অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ সৈতে কুমাৰ ছাংগাকাৰাৰ আজি বাৰ্তালাপ

আই পি এল দল ৰাজস্থান ৰয়েল্‌ছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব। ইতিমধ্যে অসম ক্রিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে ৩৩ গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ ১৯ বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্রিকেটাৰে এই অনুষ্ঠানত অংশ ল'ব।

May 18, 2024 10:48 PM

views 67

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰ...

May 17, 2024 4:50 PM

views 52

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছ...

May 14, 2024 11:44 AM

views 51

আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা

গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই  পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা  কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে এক পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লেঅফ পৰ্যায়ত প্রবেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল...