আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাখিছে। বিগত আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদত ভাৰতৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ১৪ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰে। ইপিনে চেন্নাই ছুপাৰ কিংছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক পুনৰ আন এটা সংস্কৰণৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মা, যশপ্রীত বুমৰাহ, হার্দিক পাণ্ডিয়াক দলত ৰাখিছে। গুজৰাট টাইটানছে ৰছিদ খানক ১৮ কোটি, চানৰাইজাৰ্ছ হায়দৰাবাদে হেকি ক্লাছেনক ২৩ কোটি, আৰ চি বিয়ে বিৰাট কোহলীক ২১ কোটি, লক্ষ্ণৌ চুপাৰ জায়েণ্টছে নিকোলাচ পুৰাণক ২১ কোটি, চেন্নাই চুপাৰ কিংছে ৰুতুৰাজ গাইকোৱাড আৰু ৰবীন্দ্ৰ জাদেজাক ১৮ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰিছে। আই পি এলৰ দলসমূহে খেলুৱৈ নিলামৰ পূৰ্বে ৰিটেইনৰ তালিকা প্রকাশ কৰিছে।
Assamese | November 1, 2024 12:40 PM | IPL
আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগ