ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্রুব জুৰেলে ৩৫টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দাবাদৰ শ্বাহবাদ আহমেদে তিনিটা আৰু অভিষেক শৰ্মাই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ২০ অভাৰত ৯টা উইকেটৰ বিনিময় ১৭৫ ৰান কৰে। হায়দাবাদৰ হৈ হেনৰিক ক্লাছনে ৩৪টা বলত ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ টেণ্ট বোল্ট আৰু অৱেশ খানে তিনিটাকৈ উইকেট লাভ কৰে। ছানৰাইজাৰ্ছ হায়দাবাদ কাইলৈ একেখন ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দাবাদক পৰাভূত কৰিছিল।
Assamese | May 25, 2024 11:42 AM | IPL | IPL Cricket
আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ