November 1, 2024 5:40 PM

views 81

ৰাজেশ কুমাৰ সিঙৰ দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ

কেৰালা কেডাৰৰ ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজেশ কুমাৰ সিঙে আজি দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ এই পদৰ পৰা কালি অৱসৰ গ্ৰহণ কৰা অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ প্ৰশাসনিক বিষয়া গিৰিধৰ আৰামানেৰ স্থলাভিষিক্ত হৈছে। আজি দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে ইতিপূর্বে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান পদবীত কাৰ্যনিৰ্বাহ কৰি অহা শ্ৰী সিং শেহতীয়াকৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যাল...

November 1, 2024 5:34 PM

views 48

নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ প্ৰকাশ

কেন্দ্রীয় আঁচনি নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ চৰকাৰে প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্রাম্য জীৱিকা অভিযানৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক এক হাজাৰ ২৬ কোটি টকা ব্যয়ৰে ড্ৰ’ন প্ৰদানৰ বাবে এই কেন্দ্ৰীয় আঁচনিৰ অনুমোদন জনাইছে। ২০২৪-২৫ৰ পৰা ২০২৫-২০২৬ চনলৈকে ১৪ হাজাৰ ৫০০ নির্বাচিত মহিলা আত্মসহায়ক গোটক ড্র’ন প্ৰদান কৰাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে লোৱা হৈছে। নিৰ্দেশাৱলী অনুসৰি এই আঁচনি কেন্দ্রীয় পৰ্যায়ত গ্ৰাম্য উন্নয়ন, সাৰ আৰু ...

October 13, 2024 8:53 PM

views 76

২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধ

গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেন্দ্ৰীয় বিভাগ আৰু প্ৰশাসনসমূহক অহা ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ অনুৰোধ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সংসদ ভৱন, উচ্চতম ন্যায়ালয় ভৱন, ৰাজভৱন, ৰাজনিৱাস অথবা বিধান পৰিষদৰ ভৱন, বিধানসভা আৰু উচ্চ ন্যায়ালয়সমূহত ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাব নালাগে বুলি মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

October 12, 2024 9:20 PM

views 64

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি অপবিত্ৰ তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্যালয়ে উ...

October 12, 2024 7:16 PM

views 45

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ pminternship.mca.gov.in পোৰ্টেল মুকলি

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে আজি বিয়লি ৫ বজাৰ পৰা pminternship.mca.gov.in পোৰ্টেল মুকলি কৰা হৈছে। এই পোৰ্টেলত এতিয়ালৈকে ১৯৩ টা কোম্পানীয়ে ৯০ হাজাৰ ৮৪৯ টা ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক- যুৱতীসকলক ২৪টা ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা আগবঢ়োৱা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বিত্তীয় বৰ্ষত এক লাখ ২৫ হাজাৰ প্ৰাৰ্থীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে। এই প...

October 10, 2024 8:34 PM

views 59

কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক ৩১ হাজাৰ ৯৬৫ কোটি টকা মোকলাই দিয়া হৈছে। এই ক্ষেত্ৰত বিহাৰ আৰু মধ্যপ্রদেশ দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

October 9, 2024 8:07 PM

views 75

তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক বিকাশ আৰু পুষ্টি সুৰক্ষা সুনিশ্চিতকৰণৰ এটা পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ কয় যে এই যোজনাৰ বাবদ ১৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় হ'ব। বিকাশ ভি বিৰাছট ভি উদ্যম সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় য...

October 7, 2024 2:32 PM

views 40

বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পর্যালোচনা বৈঠকত গৃহমন্ত্রীৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি এই বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ্য তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ শীর্ষ বিষয়াসকলেও অংশগ্রহণ কৰিছে। বৈঠকৰ পূৰ্বে গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰ...

October 7, 2024 11:16 AM

views 62

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু

■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্...

October 7, 2024 11:05 AM

views 68

মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ ১০০০ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে: জিতেন্দ্র সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙে কৈছে যে, মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ এহেজাৰ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মতপ্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত মহাকাশ সম্পৰ্কীয় ষ্টাৰ্ট আপৰ সংখ্যা বিগত ১০ বছৰত ডেৰ লাখতকৈ অধিক হৈ পৰাৰ জৰিয়তে বিশ্বত এই ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়লৈ উন্নীত হৈছে। তেওঁ লগতে সদৰী কৰে যে, অতি কম সময়ৰ ভিতৰত মহাকাশ খণ্ডত একক সংখ্যাৰ পৰা দুই শতাধিক মহাকাশ সম্পৰ্কীয...