প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে আজি বিয়লি ৫ বজাৰ পৰা pminternship.mca.gov.in পোৰ্টেল মুকলি কৰা হৈছে। এই পোৰ্টেলত এতিয়ালৈকে ১৯৩ টা কোম্পানীয়ে ৯০ হাজাৰ ৮৪৯ টা ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক- যুৱতীসকলক ২৪টা ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা আগবঢ়োৱা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বিত্তীয় বৰ্ষত এক লাখ ২৫ হাজাৰ প্ৰাৰ্থীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে। এই পোৰ্টেলত সম্প্ৰতি অপাৰেছন মেনেজমেণ্ট, উৎপাদন, ব্যৱস্থাপনা, বিক্ৰী আৰু বিপণনকে ধৰি বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ সুযোগ দিয়া হৈছে। দেশৰ মুঠ ৭৩৭ খন জিলাত এই আঁচনিৰ সুযোগ প্ৰদান কৰা হব। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই আঁচনিৰ কথা ঘোষণা কৰিছিল। ইয়াৰ অধীনত ২১ ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত এক কোটি প্ৰাৰ্থীক ৫ বছৰৰ ভিতৰত কর্মসংস্থাপন যোগ্য কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰাৰ্থীসকলে ১২ মাহৰ বাবে মাহিলী ৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আৰু ৬ হেজাৰ টকাকৈ এককালিন অনুদান লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে যোৱা ৩ অক্টোবৰত এই পোৰ্টেলটো মুকলি কৰিছিল। এই প্ৰকল্পৰ অধীনত ২ ডিচেম্বৰৰ পৰা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী আৰম্ভ হ’ব।
Assamese | October 12, 2024 7:16 PM | India Govt. | narendra modi | pm internship portal
প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ pminternship.mca.gov.in পোৰ্টেল মুকলি