কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক ৩১ হাজাৰ ৯৬৫ কোটি টকা মোকলাই দিয়া হৈছে। এই ক্ষেত্ৰত বিহাৰ আৰু মধ্যপ্রদেশ দ্বিতীয় আৰু তৃতীয় স্থানত আছে।
Assamese | October 10, 2024 8:34 PM | Central Govt. | India Govt.
কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে