গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেন্দ্ৰীয় বিভাগ আৰু প্ৰশাসনসমূহক অহা ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ অনুৰোধ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সংসদ ভৱন, উচ্চতম ন্যায়ালয় ভৱন, ৰাজভৱন, ৰাজনিৱাস অথবা বিধান পৰিষদৰ ভৱন, বিধানসভা আৰু উচ্চ ন্যায়ালয়সমূহত ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাব নালাগে বুলি মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।
Assamese | October 13, 2024 8:53 PM | Home Ministry | India Govt. | UN | United Nations
২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধ