September 11, 2024 8:10 PM

views 71

আই আই টি গুৱাহাটীৰ চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মংগল আৰু সকলোৰে বাবে নিৰাপদ পৰিৱেশ গঢ়ি তোলাটোৱেই অগ্ৰাধিকাৰৰ বিষয় বুলি প্রতিষ্ঠানখনে মত প্রকাশ কৰিছে। আই আই টি গুৱাহাটীয়ে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈছে বুলিও উল্লেখ কৰে। সঞ্চালকে কালি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ সৈতে কেইবাঘণ্টাও ধৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। নতুন সঞ্চালক হিচাপে দায়িত...

September 6, 2024 8:56 PM

views 72

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত ২৪ সংখ্যক সদৌ অসম শৰৎ চন্দ্ৰ গোস্বামী সোঁৱৰণী আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ১০ ছেপ্তেম্বৰত গুৱাহাটীৰ জিলা পুথি ভঁৰাল প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। তর্ক প্রতিযোগিতাখনৰ বিষয় হ'ল- সদনৰ মতে নাৰীবাদী আন্দোলনত পুৰুষৰ সক্ৰিয় অংশগ্রহনেহে লিংগভিত্তিক সমতা নিশ্চিত কৰিব।

September 5, 2024 9:05 PM

views 76

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ কার্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ললিত শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে আয়োগে ভাৰতীয় উদ্যমিতা প্ৰ...

September 5, 2024 6:10 PM

views 67

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

August 31, 2024 6:10 PM

views 52

গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ছাফাই কৰ্মচাৰীৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ ক্ৰয় কৰিছে। ইপিনে মেয়ৰ শৰণীয়াই আজি মহানগৰীৰ ৪৩ নম্বৰ ৱাৰ্ডৰ দক্ষিণ বৰসজাই মৈদাম দুর্গা মন্দিৰ ন্যাসৰ প্ৰস্তাৱিত ...

August 18, 2024 12:12 PM

views 70

গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি ৰাজ্য চৰকাৰৰ নদী পর্যটনৰ অভিলাষী আঁচনি

অসমৰ নদী পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানী অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি নদী পর্যটন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পর্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন সংবাদমেলত গুৱাহাটীৰ উমানন্দ, অশ্বক্লান্ত, কামাখ্যা মন্দিৰকে ধৰি আন তিনি তীর্থস্থানক সামৰি এই নদী পর্যটন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে। ইতিমধ্যে সাগৰমালা লিমিটেডৰ সৈতে ৰাজ্য চৰকাৰে এখন চুক্তিও স্বাক্ষৰ কৰিছে।

August 13, 2024 1:24 PM

views 76

কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

● অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রভাৰী হৰিশ দ্বিবেদীকে ধৰি নির্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গ...

August 2, 2024 6:15 PM

views 66

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...

August 1, 2024 12:51 PM

views 86

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ'ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নত...

July 11, 2024 8:41 PM

views 55

গুৱাহাটী মহানগৰক পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প

গুৱাহাটী মহানগৰীৰ জনসাধাৰণ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনৰ ষ্ট্রীট লাইট নথকা এহেজাৰ ৫২০টা পথ আৰু উপ-পথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উচ্চতাত ষ্ট্রীট লাইট সংস্থাপনৰো পৰিকল্পনা লোৱা হৈছে।