গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কার্ড আছে। ইয়াৰ বাহিৰৰ যিসকল লোকে মাছুলৰ খৰছ বহন কৰিব নোৱাৰে তেওঁলোকে কৰ্তৃপক্ষক ক’লেই মাছুল বিনামূলীয়া কৰি দিব বুলিও ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়ে।
Assamese | August 2, 2024 6:15 PM | Assam | GMCH | Guwahati | Guwahati Medical | Health department | Medical
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ