October 13, 2025 2:32 PM

views 149

বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ টা বিধানসভা সমষ্টিত মনোনয়ন প্রক্রিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অহা ২০ অক্টোবৰ, মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২৩ অক্টোবৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ৰ বাবে ১১ নৱেম্বৰ ভোটগ্ৰহণ কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে ...

October 8, 2025 9:25 PM

views 98

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়...

September 29, 2025 11:05 AM

views 90

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব। এই দলটোত সাধাৰণ জনতা, আৰক্ষী আৰু ব্যয় পর্যবেক্ষকসকলক কেন্দ্রীয় পর্যবেক্ষক হিচাপে অন্তর্ভুক্ত কৰা হ'ব। মুক্ত, নিকা, আৰু স্বচ্ছ নির্বাচনৰ বাবে ৩২০ গৰাকী আই এ এছ আৰু ৬০ গৰাকী আই পি এছকে ধৰি ৪৭০ গৰাকী বিষয়াক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ'ব। এই পর্যবেক্ষকসকলে প্ৰতিটো সমষ্টিৰ নিৰ্বাচনী প্রক্রিয়া নিৰীক্ষণ কৰাৰ লগতে গুৰুত্ব দিবলগীয়া সমষ্টিসম...

August 17, 2025 8:08 PM

views 103

দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান

■ ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে, আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিচ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে, যে নির্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো ...

August 3, 2025 2:29 PM

views 66

নির্বাচনী প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ’ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি

■ নির্বাচন আয়োগে নির্বাচনী তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ'ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পর্যবেক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে। নির্বাচনী সংস্থাটোৱে এটা বিবৃতিত জনাইছে যে, দৰমহাৰ সংশোধিত গাঁথনি অনুসৰি বি এল অসকলৰ বাৰ্ষিক পাৰিতোষিক ৬ হাজাৰৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ লগতে ভাট্টা ১ হাজাৰৰ পৰা ২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে নিৰ্বাচনী তালিকা প্রস্তুতি প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰা পৰ্যবেক্ষকসকলৰ পূৰ্বৰ ১২ হাজাৰৰ পৰা পাৰিতোষিক ১৮ হাজাৰ ...

July 14, 2025 10:14 AM

views 82

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা

● সমগ্ৰ দেশতে আগষ্ট মাহৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ পাছতে নির্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। বিহাৰৰ দৰেই দেশৰ আন আন ৰাজ্যসমূহতো নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল যদিও এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব সেয়া স্পষ্ট কৰা নাছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি অহা আগষ্ট মাহৰ পৰা দেশজুৰি ভোটাৰ তালিকা...

May 1, 2025 9:14 PM

views 62

নির্বাচনী তালিকা শুদ্ধ আৰু ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰাৰ বাবে নির্বাচন আয়োগৰ পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে জনসাধাৰণৰ বাবে ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগে বর্তমান ভাৰতৰ মহাপঞ্জীয়কৰ পৰা মৃত্যুৰ পঞ্জীকৰণ তথ্য বৈদ্যুতিনভাৱে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ক বিষয়াই মৃত্যুৰ পঞ্জীয়ন তথ্যসমূহ সময়মতে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ যোগেদি বুথ পৰ্যায়ৰ বিষয়াসকলেও ক্ষেত্ৰ পৰিদৰ্শনৰ জৰিয়তে তথ্যৰ শুদ্ধতা পুনৰ পৰীক্ষা কৰিবলৈ সমৰ্থ হ'ব। ভোটাৰ তথ্য তালিকা ভোটদাতাসকলৰ বাবে সুবিধাজনক কৰি তুলিবলৈ ইয়...

December 29, 2024 6:22 PM

views 64

ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ  পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ

ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা এক কোটি ৮০ লাখ ১৪ হাজাৰ ৯১৩। ইয়াৰে ৯০ লাখ ৬০ হাজাৰ ৬৪০ জন পুৰুষ আৰু ৮৯ লাখ ৫৩ হাজাৰ ৮৬৫ গৰাকী মহিলা ভোটদাতা। লগতে ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে ৩৫৭ খন জিলা পৰিষদ, ...

December 14, 2024 3:06 PM

views 102

ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব

অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত থকা ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দুহেজাৰ ৭৮১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যখনৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ গৰাকী ভোটদাতা অন্তর্ভুক্ত হৈছে। আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১,৩৩০...

June 2, 2024 7:01 PM

views 79

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৪ জুনত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ ড্রাই ডে ঘোষণা

লোকসভা নিৰ্বাচনৰ অহা ৪ জুনত হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটো ভোটগণনা শেষ নোহোৱা পৰ্যন্ত ড্রাই ডে ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশীয় সুৰাৰ দোকান বা অন্যান্য প্রতিষ্ঠানত এই সময়ছোৱাত মদ বিক্রী বা পৰিবেশন বন্ধ থাকিব। আবকাৰি আইনৰ অধীনত অনুজ্ঞাপত্রব...