■ নির্বাচন আয়োগে নির্বাচনী তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ’ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পর্যবেক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে। নির্বাচনী সংস্থাটোৱে এটা বিবৃতিত জনাইছে যে, দৰমহাৰ সংশোধিত গাঁথনি অনুসৰি বি এল অসকলৰ বাৰ্ষিক পাৰিতোষিক ৬ হাজাৰৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ লগতে ভাট্টা ১ হাজাৰৰ পৰা ২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে নিৰ্বাচনী তালিকা প্রস্তুতি প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰা পৰ্যবেক্ষকসকলৰ পূৰ্বৰ ১২ হাজাৰৰ পৰা পাৰিতোষিক ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। নির্বাচন আয়োগে নির্বাচনী পঞ্জীয়ক বিষয়া আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ক বিষয়াসকলৰো মাননি বৃদ্ধি কৰিছে। এই অনুসৰি নিৰ্বাচনী পঞ্জীয়ক বিষয়াসকলে ৩০ হাজাৰ আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ক বিষয়াসকলে ২৫ হাজাৰকৈ টকা লাভ কৰিব। বিহাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ ইণ্টেনশ্বিভ পুনৰীক্ষণ- এছ আই আৰৰ বাবেও বি এল অ’সকলক ৬ হাজাৰ টকাৰ বিশেষ ভাট্টা প্ৰদান কৰা হ’ব।
Assamese | August 3, 2025 2:29 PM | Akashvani News | Election Commission of India
নির্বাচনী প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ’ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি