ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা এক কোটি ৮০ লাখ ১৪ হাজাৰ ৯১৩। ইয়াৰে ৯০ লাখ ৬০ হাজাৰ ৬৪০ জন পুৰুষ আৰু ৮৯ লাখ ৫৩ হাজাৰ ৮৬৫ গৰাকী মহিলা ভোটদাতা। লগতে ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে ৩৫৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত ২,১৯২ খন গাঁও পঞ্চায়ত আৰু ২১,৯২০টা ৱাৰ্ডৰ বাবে ভোটদান কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ ভোটদাতাসকলে ভোটদাতাৰ তালিকাত নাম পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ৰাজ্যিক নির্বাচন আয়োগৰ ৱেবছাইটযোগেও ভোটদাতাৰ তালিকাত নিজৰ নাম চাব পাৰিব। চূড়ান্ত ভোটদাতাৰ তালিকাত ফটোযুক্ত পৰিচয় পত্ৰৰ নম্বৰ প্ৰদান কৰিও নিজৰ নাম পৰীক্ষা কৰিব পাৰিব।
Assamese | December 29, 2024 6:22 PM | Election Commission of India
ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ