● সমগ্ৰ দেশতে আগষ্ট মাহৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ পাছতে নির্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। বিহাৰৰ দৰেই দেশৰ আন আন ৰাজ্যসমূহতো নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল যদিও এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব সেয়া স্পষ্ট কৰা নাছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি অহা আগষ্ট মাহৰ পৰা দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যসমূহত আয়োগৰ বিষয়া-কৰ্মচাৰীসকলক সক্ৰিয় কৰি তুলিছে।
Assamese | July 14, 2025 10:14 AM | Akashvani News | Election Commission of India
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা