লোকসভা নিৰ্বাচনৰ অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটো ভোটগণনা শেষ নোহোৱা পৰ্যন্ত ড্রাই ডে ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশীয় সুৰাৰ দোকান বা অন্যান্য প্রতিষ্ঠানত এই সময়ছোৱাত মদ বিক্রী বা পৰিবেশন বন্ধ থাকিব। আবকাৰি আইনৰ অধীনত অনুজ্ঞাপত্রবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিৰুদ্ধে জিলাসমূহৰ আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Assamese | June 2, 2024 7:01 PM | Election Commission of India
লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৪ জুনত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ ড্রাই ডে ঘোষণা