August 4, 2025 5:55 PM

views 64

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছেঃ মনসুখ মন্দাভিয়া

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি বিগত দশকটোত ১৭ কোটিৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালৰ ১০ বছৰত মাত্ৰ তিনি কোটি প্রার্থীয়েহে নিযুক্তি লাভ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মন্দাভিয়াই লগতে কয়, যে প্রধানমন্ত্রী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ...

July 27, 2025 7:55 PM

views 74

দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ গুৰুত্ব আৰোপ

কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠত আজি আয়োজিত গুজৰাট নয়ী টালিম সংঘৰ সাধাৰণ বৈঠক, ছমহীয়া সন্মিলন তথা ৰাজ্যিক পৰ্য্যায়ৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ বুনিয়াদী শিক্ষাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে আসক্তি এটা জটিল সমস্যা আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে একগোট হৈ থিয় দিয়া উচিত। ইয়াৰ পূৰ্বে শ্রীমন্দাভিয়াই ছানডে অন চাইকেল শীর্ষক এটি বিশেষ কাৰ্য্যসূচীত অং...

July 23, 2025 9:23 PM

views 68

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...

July 14, 2025 8:45 PM

views 66

চলিত মাহৰ ১৮ তাৰিখৰ পৰা যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ে চলিত মাহৰ ১৮ তাৰিখৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন কৰিছে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্মৰ লক্ষ্যৰে বাৰাণসীত এই সন্মিলনৰ আয়োজন কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্রীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কয়, যে সমগ্ৰ দেশৰে এশটা আধ্যাত্মিক কেন্দ্ৰৰ পৰা প্ৰায় ৫ হাজাৰ যুৱ প্রতিনিধিয়ে এই আধ্যাত্মিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয়, যে এই সন্মিলনে যুৱ প্ৰজন্মৰ নেতৃত্বত নিচামুক্ত ভাৰতৰ পথ দেখুৱাব।...

June 3, 2025 9:13 PM

views 57

যুৱ কণ্ঠ, বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা ২০২৫ শীৰ্ষক ৩ দিনীয়া সন্মিলন মুকলি কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি যুৱ কণ্ঠ, বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা ২০২৫ শীৰ্ষক ৩ দিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে ভাষণ দি মন্ত্ৰীগৰাকীয়ে চাইকেল চলোৱাটো উত্তম ব্যায়াম বুলি অভিহিত কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে জনসাধাৰণক সুস্থ কৰি ৰখাই নহয় বৰং পৰিবেশ সুৰক্ষাটো সহায় কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ড০ ভৈৰৱী যোশীয়ে ৰচনা কৰা চাইক্লিং, চিলড্রেন এণ্ড ছিটিজ আৰু ড০ ভৈৰৱী যোশী আৰু এ আৰ কুশ পাৰিখে লিখা চাইকেল টু স্কুল নামৰ...

May 25, 2025 10:34 AM

views 59

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ ঘোষণা

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এই বিষয়ে সদৰি কৰে। তেওঁ কয়, যে বিভিন্ন উদ্যমৰ জৰিয়তে অঞ্চলটোত ক্রীড়াতন্ত্ৰ শক্তিশালী কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ২০৩০ চনত কমনৱেল্থ গেমছ আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ...

May 1, 2025 9:33 PM

views 67

ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড০ মান্দাভিয়াই দুয়োজন ক্রীড়াবিদে বেডমিণ্টন কোর্টত দেখুওৱা একাগ্ৰতা তথা খেলৰ অসাধাৰণ প্ৰদৰ্শনৰ প্ৰশংসা কৰে আৰু লগতে তেওঁলোকে ভৱিষ্যতে এনে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্রকাশ কৰি শুভকামনা জ্ঞাপন কৰে। বঁটা লাভ কৰি ছিৰাগ শ্বেট্টীয়ে কয়, যে তেওঁলোকে চৰকাৰৰ পৰা ...

April 13, 2025 6:10 PM

views 80

যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ আহ্বান জনায়। ড০ মন্দাভিয়াই ক্রীড়া মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত জয় ভীম যাত্ৰাৰ পতাকা উত্তোলন কৰাৰ পূৰ্বে পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত মাই ভাৰতৰ স্বেচ্ছাসেৱক আৰু যুৱক-যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত এইদৰে কয়। তেওঁ কয়, যে দেশৰ যুৱক-যুৱতীসকলে ভাৰতীয় সংবিধানৰ মনোভাৱক সন্মান কৰি ইয়াক পালন কৰিব লাগে। ড০ মন্দাভিয...

April 2, 2025 7:18 PM

views 58

ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ যুৱক-যুৱতীসকলক দেশৰ উন্নয়নৰ যাত্ৰাত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে যুৱ সংসদত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক দেশৰ ৩০০ খন জিলাৰ পৰা বাচনি কৰা হৈছে আৰু তেঁওলোকে যুৱ সংসদ...

December 22, 2024 6:50 PM

views 54

চি আৰ পি এফ -আই টি বি পিৰ জোৱানৰ সৈতে নতুন দিল্লীত  ফীট ইণ্ডিয়া  চাইকেল অভিযানত ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াৰ অংশগ্ৰহণ

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী – চি আৰ পি এফ আৰু ভাৰত-তীববত সীমান্ত আৰক্ষী - আই টি বি পিৰ জোৱানসকলৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত ফীট ইণ্ডিয়া ছাডে অন চাইকেল অভিযানৰ প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ সৈতে মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰা ৰাইছিনা হিললৈ এই চাইকেল অভিযানত অংশ লয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমাণ্ডাভিয়াই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত সমগ্ৰ জাতিটোৱে নিজকে সবল কৰি ৰাখিবলৈ ফীট ই...