December 19, 2024 8:59 PM

views 60

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, খেল' ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক্ৰীড়া উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাক সাহায্য প্রদান আঁচনি, আন্তঃৰাষ্ট্ৰীয় ক্রীড়াত বিজয়ী খেলুৱৈ আৰু প্ৰশিক্ষকক বিশেষ পুৰস্কাৰ তথা ৰাষ্ট্ৰীয় ক্রীড়া পুৰস...

September 13, 2024 9:14 PM

views 50

ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদনৰ আহ্বান ক্ৰীড়া মন্ত্ৰী মণ্ডাভিয়াৰ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদন জনাবলৈ আৰু দেশৰ খেলতন্ত্ৰত সক্রিয় আবেদন আগবঢ়াবলৈ আহ্বান জনাইছে। ক্ৰীড়াৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত কৰি ড০ মাণ্ডাভিয়াই কয় যে অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ কাৰ্যসূচী দেশৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ সবলীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। বৰ্তমানৰ আৰু অৱসৰপ্ৰ...

September 7, 2024 9:13 PM

views 52

চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰঃ মনসুখ মন্দাভিয়া

কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰীমন্দাভিয়াই কয় যে, খেলুৱৈসকলে যাতে বিভিন্ন প্রতিযোগিতাত উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰে, তাৰ বাবে চৰকাৰে দেশত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি বিকশাই তুলিছে। নতুন দিল্লীত আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰি উভতি অহা খেলুৱৈসকলক সম্বৰ্ধনা জনাই মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। সম্বৰ্ধনা জনোৱা খেলুৱৈসকলৰ ভিতৰত সোণৰ পদক বিজেতা অগ্নি লেখৰ, ৰূপৰ...

August 25, 2024 8:11 PM

views 50

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ ক্রীড়া মন্ত্ৰীৰ আহ্বান

ক্রীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই অহা ২৮ আগষ্টত আৰম্ভ হ'বলগীয়া পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ মান্দাভিয়াই কয় যে, ৮৪ গৰাকী খেলুৱৈৰে সমৃদ্ধ দেশৰ এতিয়ালৈ আটাইতকৈ বৃহৎ দলটোৱে সমাগত পেৰালিম্পিকত অংশগ্ৰহণ কৰিব। তেওঁ দেশবাসীক Cheer4Bharat শ্লোগানেৰে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

June 29, 2024 12:31 PM

views 43

এছিয়ান গেমছত যোগক অন্তৰ্ভুক্ত কৰাৰ বাবে ড° পি টি উষাক মনসুখ মন্দাভিয়াৰ আদৰণি

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড° পি টি উষাই এছিয়ান গেমছত যোগক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। শেহতীয়াকৈ ড° পি টি উষাই এছিয়ান গেমছত যোগক খেল হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ এছিয়া অলিম্পিক কাউন্সিলৰ সভাপতি ৰাজা ৰন্ধিৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিল। মাণ্ডবিয়াই কয় যে ভাৰতে যোগক জনপ্রিয় কৰি তোলাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে আৰু চৰকাৰে খেলো ইণ্ডিয়া গেমছত প্ৰতিযোগিতামূলক ক্রীড়া হিচাপে যোগক অন্তর্ভুক্ত কৰি সফলতা লাভ...

April 4, 2024 11:48 AM

views 133

গ্রীষ্মকালত ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ অধ্যক্ষতাত বৈঠক

◊ গ্রীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ'ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত সঠিক তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ড° মন্দাভিয়াই ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰে এটা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰাজ্যসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। ড° মন্দাভিয়াই কয় যে, সতর্কতামূলক ব্যৱস্থা...

April 3, 2024 8:43 PM

views 67

গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক

◊ গ্ৰীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা, নীতি আয়োগৰ সদস্য ডাঃ ভি কে পাল, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান এম মহাপাত্র, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কমল কিশোৰ, ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰু অন্য জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। পাছত নতুন দিল্লীত সংবাদ মাধ্যমৰ...