ক্রীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই অহা ২৮ আগষ্টত আৰম্ভ হ’বলগীয়া পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ মান্দাভিয়াই কয় যে, ৮৪ গৰাকী খেলুৱৈৰে সমৃদ্ধ দেশৰ এতিয়ালৈ আটাইতকৈ বৃহৎ দলটোৱে সমাগত পেৰালিম্পিকত অংশগ্ৰহণ কৰিব। তেওঁ দেশবাসীক Cheer4Bharat শ্লোগানেৰে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়।
Assamese | August 25, 2024 8:11 PM | Dr. Mansukh Mandaviya
পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ ক্রীড়া মন্ত্ৰীৰ আহ্বান