কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে।
ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, খেল’ ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক্ৰীড়া উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাক সাহায্য প্রদান আঁচনি, আন্তঃৰাষ্ট্ৰীয় ক্রীড়াত বিজয়ী খেলুৱৈ আৰু প্ৰশিক্ষকক বিশেষ পুৰস্কাৰ তথা ৰাষ্ট্ৰীয় ক্রীড়া পুৰস্কাৰ আদি সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
প্ৰতিভাসম্পন্ন খেলুৱৈসকলক পেন্সন প্রদান, পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় কল্যাণ অনুষ্ঠান তথা ভাৰতীয় ক্রীড়া প্ৰাধীকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় ক্রীড়া উন্নয়ন পুঁজি গঠন তথা ক্রীড়া প্রশিক্ষণ কেন্দ্ৰসমূহ কার্যক্ষম কৰাৰ বাবে সমগ্ৰ দেশতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | December 19, 2024 8:59 PM | Dr. Mansukh Mandaviya | Indian Sports | Sports Minister
কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন