যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতিটো পড়িয়ামতে ভাৰতীয় পতাকা জিলিকি উঠিব লাগে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ ক্ৰীড়া সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ক্রীড়াক জনজাগৰণ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ছানজে অন চাইকলৰ লেখিয়া পদক্ষেপসমূহে প্ৰতিগৰাকী লোককে ক্ৰীড়াৰ সৈতে জড়িত কৰি ৰাখিব বুলি উল্লেখ কৰে। ড০ মাণ্ডাভিয়াই ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা উল্লেখ কৰে।
Assamese | September 12, 2025 9:19 PM | Dr. Mansukh Mandaviya
দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগেঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া