নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি বিগত দশকটোত ১৭ কোটিৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালৰ ১০ বছৰত মাত্ৰ তিনি কোটি প্রার্থীয়েহে নিযুক্তি লাভ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মন্দাভিয়াই লগতে কয়, যে প্রধানমন্ত্রী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত পৰৱৰ্তী ৫ বছৰত আৰু ৪ কোটি নিয়োগ সৃষ্টিৰ বাবে ২ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে।
Assamese | August 4, 2025 5:55 PM | Akashvani News | Dr. Mansukh Mandaviya | Niyog Mela
নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছেঃ মনসুখ মন্দাভিয়া