কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠত আজি আয়োজিত গুজৰাট নয়ী টালিম সংঘৰ সাধাৰণ বৈঠক, ছমহীয়া সন্মিলন তথা ৰাজ্যিক পৰ্য্যায়ৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ বুনিয়াদী শিক্ষাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে আসক্তি এটা জটিল সমস্যা আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে একগোট হৈ থিয় দিয়া উচিত। ইয়াৰ পূৰ্বে শ্রীমন্দাভিয়াই ছানডে অন চাইকেল শীর্ষক এটি বিশেষ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাৱৰমতী আশ্ৰমৰ পৰা গুজৰাট বিদ্যাপীঠলৈ চাইকেলেৰে যাত্ৰা কৰে ৷
Assamese | July 27, 2025 7:55 PM | Dr. Mansukh Mandaviya
দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ গুৰুত্ব আৰোপ