November 1, 2025 12:09 PM

views 75

ডিব্ৰুগড়ত চৌকিডিংগী খেলপথাৰত সাংসদ খেল মহোৎসৱৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত কালি চৌকিডিংগী খেলপথাৰত সাংসদ খেল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। ভাৰতৰ প্ৰতিগৰাকী যুৱক-যুৱতীক শাৰীৰিকভাৱে উপযুক্তভাবে গঢ় দিয়া আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰে এই ধৰণৰ পদক্ষেপ লৈ আহিছে বুলি মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰে। ডিব্ৰুগড় ক্রীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্রী প্রশান্ত ফুকন, বিধায়ক চক্ৰধ...

October 28, 2025 7:05 PM

views 93

অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি সন্দৰ্ভত ডিব্ৰুগড়ত পর্যালোচনা বৈঠক

ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্রী যোগেন মহনৰ উপস্থিতিত আজি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি দুখনৰ সঠিক ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকন আৰু জিলা আযুক্ত বিক্রম কৈৰী উপস্থিত থাকি প্রকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তথা আঁচনি দুখনৰ সঠিক ৰূপায়ণৰ দিশত ল'বলগীয়া সকলো পদক্ষেপ সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে।

October 27, 2025 9:21 PM

views 52

ডিব্ৰুগড় জিলাৰ খোৱাঙত শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই শিবিৰ মুকলি কৰে। শিবিৰত সমষ্টিটোৰ ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়।

October 23, 2025 11:42 AM

views 111

অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত

ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলা সুকলমে পৰিচালনাৰ বাবে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শক্তি মন্ত্রী প্রশান্ত ফুকন, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা আৰু জিলাখনৰ আয়ুক্ত বিক্রম কৈৰীক লৈ এখন সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ আগশাৰীৰ পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উপৰি কলকাতা,...

October 17, 2025 12:28 PM

views 61

ডিব্ৰুগড়স্থিত কানৈ মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী

● ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সহযোগত এন ই পি ২০২০ৰ আওতাত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্রদীপ কুমাৰ বৰুৱাই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

October 14, 2025 11:38 AM

views 80

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 10, 2025 1:23 PM

views 83

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী...

October 8, 2025 6:57 PM

views 86

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশা...

October 7, 2025 12:37 PM

views 65

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্ষিা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেচাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে।

September 9, 2025 7:28 PM

views 64

সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা ক্রীড়া বিষয়া কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে এই মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ সভাত জিলা ক্রীড়া বিষয়া চেমি শ‍ইকীয়াই এই সন্দৰ্ভত সকলোকে অৱগত কৰে। দেশৰ গাঁৱে-ভূঞে তৃণমূল পৰ্যায়ত ক্রীড়া প্রতিভাক চিনাক্ত কৰি বিকশিত কৰা, পৰম্পৰাগত আৰু থলুৱা খেলসমূহৰ প্ৰচাৰ কৰাৰ লগতে অঞ্চলভিত্তিক চিনাক্ত কৰি খেলসমূহ সংৰক্ষিত কৰাৰ উদ...