ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্রী যোগেন মহনৰ উপস্থিতিত আজি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি দুখনৰ সঠিক ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকন আৰু জিলা আযুক্ত বিক্রম কৈৰী উপস্থিত থাকি প্রকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তথা আঁচনি দুখনৰ সঠিক ৰূপায়ণৰ দিশত ল’বলগীয়া সকলো পদক্ষেপ সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে।
Assamese | October 28, 2025 7:05 PM | Dibrugarh
অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি সন্দৰ্ভত ডিব্ৰুগড়ত পর্যালোচনা বৈঠক