ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই সদ্যনিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ’ব বুলি এখন জাননীযোগে প্রকাশ কৰিছে। এই ক্ষেত্ৰত যদি প্রার্থীগৰাকীক কোনো অসাধু ব্যক্তিয়ে অনানুষ্ঠানিকভাবে যোগাযোগ কৰে তেন্তে সেই ব্যক্তিজনৰ বিষয়ে মুখ্যমন্ত্রী বিশেষ তদাৰকী গোট, ঊর্ধতন কর্তৃপক্ষ বা বিদ্যালয়সমূহৰ পৰিদৰ্শকক তাৎক্ষণিকভাবে অৱগত কৰিবলৈ এই জাননীযোগে আহ্বান জনোৱা হৈছে।
Assamese | November 22, 2025 8:24 PM | Dibrugarh
স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ’ব বুলি ড০ সমীৰণ বৰাৰ প্ৰকাশ