November 6, 2025 12:01 PM

views 97

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে। ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।

November 1, 2025 8:46 PM

views 58

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প'ৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত জয় লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।

October 31, 2025 7:31 PM

views 73

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন টি-২০ প্রতিযোগিতাত ভাৰত ৪ উইকেটত পৰাজিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন টি-২০ প্রতিযোগিতাত ভাৰত চাৰি উইকেটত পৰাজিত হৈছে। আজি মেলবর্ণত অনুষ্ঠিত খেলখনত ভাৰতে প্রথমে বেট ধৰি ১৮ অভাৰ চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই কেবল ১২৫ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শর্মাই সর্বাধিক ৬৮ আৰু হর্ষিত ৰাণাই ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৩ অভাৰ আৰু দুটা বলতে ছয় উইকেটৰ বিনিময়ত ১২৬ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। ৫ খনীয়া টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াই ১-০ৰ অগ্রগতি লাভ কৰি আছে।

October 24, 2025 9:23 PM

views 62

কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শূন্যত আউট হোৱা বিৰাট কোহলীৰ ফৰ্ম ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। নৱনিযুক্ত অধিনায়ক শুভমন গীলেও বেটেৰে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই।

October 23, 2025 8:59 PM

views 90

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাছিংটন সুন্দৰে দুটাকৈ উইকেট দখল কৰে । ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই ৭৩ ৰান আৰু শ্ৰেয়াস আয়া...

October 23, 2025 12:00 PM

views 89

ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত

নাগালেণ্ডত অহা নৱেম্বৰত হ'বলগীয়া ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত কৰিছে। অলৰাউণ্ডাৰ ৰক্ষ্মী দে' আৰু জিন্টিমণি কলিতাই মূল দলত স্থান লাভকৰাৰ বিপৰীতে উইকেটকিপাৰ-বেটাৰ খুছী শৰ্মাক অতিৰিক্তভাবে দলত স্থান দিয়া হৈছে। অসম ক্রিকেট সন্থাই নির্বাচিত খেলুৱৈকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।

October 23, 2025 11:58 AM

views 82

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ হ'ব। এডিলেইডত কিছুসময়ৰ পূৰ্বে আৰম্ভ হোৱা খেলখনত টছত জিকি ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলা ৰক্ষাৰ কাৰণে আজিৰ খেলখন ভাৰতৰ বাবে প্রত্যাহ্বানমূলক হ'ব। তিনিখনীয়া এই শৃংখলাৰ পাৰ্থত অনুষ্ঠিত প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ৭ উইকেটত জয়লাভ কৰি ইতিমধ্যে ১-০৩ অগ্রগতি লাভ কৰি আছে। খেলখনত অষ্ট্ৰেলিয়াই ২১ অভাৰ আৰু এটা বলতেই ভাৰতে নির্ধাৰণ কৰি দিয়া ...

October 22, 2025 2:51 PM

views 74

আই চি চি মহিলা বিশ্বকাপত আজি বিয়লি ৩ বজাত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

■ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবীন লীগ পৰ্যায়ৰ এখন বর্ষাবিঘ্নিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। ডাক ৱৰ্থ লুইছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। বৰষুণৰ বাবে আৰম্ভ হওঁতে বিলম্ব হোৱাৰ পাছত খেলখন ৪০ অভাৰত সীমিত কৰা হয়। দক্ষিণ আফ্ৰিকাই ৯ট...

October 17, 2025 1:02 PM

views 78

আই চি চি মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াই প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অস্ট্রেলিয়াই বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এলিছা হিলি আৰু ফোবি লিটছফিল্ডৰ সুন্দৰ বেটিঙৰ সহায়ত মাত্র ২৪ অভাৰ ৫টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হয়। হিলিয়ে ৭৭টা বলত ১১৩ ৰান আৰু লিটছফিল্ডে ৮৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে, বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান...

October 14, 2025 11:54 AM

views 79

আই চি চি মহিলা বিশ্বকাপত বিয়লি ৩ বজাত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব'ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ তিনিটা বল বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ল’ ট্রায়ন আৰু মাৰিজেন কেপে অর্ধশতক কৰে। ট্রায়নক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক...