ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবাৰো পৰ্যবেক্ষণৰ অন্তত কম পোহৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰে। ভাৰত শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।
Assamese | December 18, 2025 4:54 PM | Cricket | India Vs SA | SPORTS
কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল