November 24, 2025 8:09 PM

views 68

বৰ্ষাপাৰাত দ্বিতীয় ক্রিকেট টেষ্টৰ তৃতীয় দিনত ভাৰতৰ ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছৰ সামৰণি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। ইয়াৰ ফলত কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৯ ৰানৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্রথম ইনিংছত ২৮৮ ৰানৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছৰ খেলত ২৬ ৰানত এটাও উইকেট নেহেৰুৱাকৈ সৰ্বমুঠ ৩১৪ ৰানৰ অগ্ৰগতি লাভ কৰে।

November 22, 2025 8:34 PM

views 56

গুৱাহাটীত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত দক্ষিণ আফ্রিকাৰ ২৪৭ ৰান সংগ্ৰহ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত ছটা উইকেটৰ বিনিময়ত ২৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাই টছট জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দক্ষিণ আফ্রিকাৰ হৈ টিষ্টান ষ্টাবছে সৰ্বাধিক ৪৯ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদবে তিনিটা উইকেট দখল কৰে। যশপ্ৰীত বুমৰা, মহম্মদ ছিৰাজ আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট লাভ কৰে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অ...

November 20, 2025 12:31 PM

views 57

পৰহিলৈৰ পৰা হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দলৰ অনুশীলন আৰম্ভ

পৰহিলৈৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ'ছিয়েছনৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে হ'বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দল দুটাই আজি অনুশীলন চলাব। পুৱাৰ ভাগত গৌতম গম্ভীৰ আৰু ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেট পর্যবেক্ষণ কৰে। আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ দক্ষিণ আফ্রিকাৰ দলে ষ্টেডিয়ামত অনুশীলন চলোৱাৰ বিপৰীতে দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ ভাৰতীয়ে দলটোৱে অনুশীলন চলাব। একেদৰে কাইলৈ ভাৰতীয় দলটোৱে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দক্ষিণ আফ্ৰিকাৰ দলে দ...

November 17, 2025 5:24 PM

views 78

ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলত ভাৰত ৯ উইকেটত জয়লাভ

ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কালি অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰে। উভয় পক্ষৰ মাজত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক এদিনীয়া খেলখনৰ ১৩৩ টা বল বাকী থকা অৱস্থাতে ভাৰতৰ দলটোৱে বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে টছত জিকি দক্ষিণ আফ্ৰিকাৰ এ দলে প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ দ্ৰুতবেগী বলাৰ হৰ্ষিত ৰানা আৰু বাওঁহতীয়া স্পিনাৰ নিশান্ত সিন্ধুৰ অনবদ্য প্ৰদৰ্শনেৰে আলহী দলটোৱে ২০ অ’ভাৰ আৰু তিনিটা বলত ১৩২ ৰানতে ইনিংছ সামৰিবলগীয়া হয়। প্ৰত্যুত্ত...

November 14, 2025 12:11 PM

views 56

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন কিছুসময় পাছতে আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত চিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল ২২ৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

November 11, 2025 7:52 PM

views 69

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত

দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত হৈছে। ৬ টা দল ভাৰত, শ্রীলংকা, আমেৰিকা, নেপল, অষ্ট্ৰেলিয়া আৰু পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অহা ২৩ অক্টোবৰত অন্ত পৰিব। শ্ৰীলংকাৰ কলম্বো ত ফাইনেল মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু মীনাক্ষী লেখী উপস্থিত থাকে। আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত উদ্বোধনী মেছখনত ভাৰতে শ্রীলংকাক ১০ উইকেটত পৰাস্ত কৰে।

November 11, 2025 7:50 PM

views 87

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰা...

November 11, 2025 7:43 PM

views 63

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে ১০৩ আৰু শিৱশংকৰ ৰয়ে অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰে। এলীট চি গ্ৰুপত অসমে এতিয়ালৈকে তিনিখন খেলৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ সপ্তম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ - ত্ৰিপুৰা প্ৰথম ইনিংছ - ৭ উ...

November 11, 2025 6:21 PM

views 73

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ'ব। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে কয়, যে নতুন বিশ্ব টেষ্ট চেম্পিয...

November 6, 2025 2:36 PM

views 77

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷