July 14, 2025 11:30 AM

views 44

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন

● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে ৩৩ ৰান কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি ১৩৫ ৰানৰ প্ৰয়োজন। চতুর্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে আকাশ দীপক মাত্র ১ ৰানতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৯২ ৰান কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন...

July 11, 2025 10:28 AM

views 54

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীত বিয়লি ৩.৩০ বজাত ইংলেণ্ড ভাৰতৰ মুখামুখি হ’ব

● এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্রিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে ৪টা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত খেল আৰম্ভ হ'ব। টছত জিলি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰতৰ নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমতে দুটা উইকেট দখল কৰি ঘৰুৱা দলটোক শ'লথেকত পেলায়। নীতিশ কুমাৰে একেটা অভাৰতে অ'পেনাৰ বেন ডাকেট আৰু জেক ক্ৰ'লিক আউট কৰে। ইয়াৰ পাছত জ' ৰুট আৰু অলি প'পে ১০৯ ৰ...

June 24, 2025 8:58 PM

views 39

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ২১ ৰানৰ পৰা খেলিবলৈ লৈ ভোজন বিৰতিৰ পৰলৈকে কোনো উইকেটৰ পতন নঘটাকৈ দ্বিতীয় ইনিংছত ১২০ ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পিছত খেল পুনৰ আৰম্ভ হৈছে আৰু বেন ডাকেটে ১০৩ ৰাণ আৰু জেক ক্রলীয়ে ৫৭ কৰি খেলি আছে। ইংলেণ্ডে বাতৰি যুগুতোৱাৰ সময়লৈকে কোনো উইকেট নেহেৰুৱাকৈ ১৭৭ ৰাণ কৰিছে। প্ৰথম ইনিংছত উজ্জীৱিত বলিং প্ৰদৰ্শন কৰা যশপ্রীত বুমৰাইও ...

June 23, 2025 7:52 PM

views 45

হেডিংলী টেষ্টৰ চতুর্থ দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ

হেডিংলী টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ হৈছে। কালি ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৯০ ৰাণৰ পৰা দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে সোনকালেই অধিনায়ক শুভমন গীলৰ উইকেট হেৰুৱায়। তৃতীয় উইকেটৰ পতনৰ পাছত উপ- অধিনায়ক ঋষভ পণ্ট বেট কৰিবলৈ আহে আৰু কে এল ৰাহুলৰ সৈতে লগ লাগি চতুর্থ উইকেটেৰ যুটীত ভোজন বিৰতিৰ পৰলৈকে ৬০ ৰাণ যোগ কৰে। ভোজন বিৰতিত ভাৰতে ৩ উইকেটৰ বিনিময়ত ১৫৩ ৰাণ সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ হৈছে আৰু ভাৰতে ৩টা উইকেটৰ ব...

June 23, 2025 5:40 PM

views 45

হেডিংলি টেষ্টৰ চতুর্থ দিনত ভাৰতে তৃতীয় দিনত সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব

হেডিংলি টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব। কালি দিনান্তত কে এল ৰাহুলে ৪৭ ৰান আৰু অধিনায়ক শুভমন গীলে ৬ ৰান কৰি বেট ধৰি আছিল৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ ৪৭১ ৰানৰ প্ৰত্যুতৰত আটাইকেইটা উইকেট হেৰুৱাই ৪৬৫ ৰান সংগ্ৰহ কৰে। ফলত ভাৰতে খেলখনত প্ৰথম ইনিংছত মাত্র ৬ ৰানৰ অগ্ৰগতি লাভ কৰে। বৰষুণৰ বাবে কালিৰ খেল কিছুসময়ৰ পূৰ্বে সামৰিবলগীয়া হৈছিল।

June 21, 2025 8:27 PM

views 45

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ভাৰতৰ ৪৭১ ৰান সংগ্ৰহ

ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে তিনিটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ৩৫৯ ৰান পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি ৪৭১ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। প্রথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰা ভাৰতে অপেনাৰ য়শস্বী জয়ছোৱাল, অধিনায়ক শুভমন গীল আৰু উপ-অধিনায়ক ঋষভ পণ্টৰ আকৰ্ষনীয় শতকৰ সহায়ত খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হয়, যদিও ঘৰুৱা দল ইংলেণ্ডে কম সময়তে উইকেট দখল ক...

June 19, 2025 7:46 PM

views 67

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্রতিভাবান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্...

June 19, 2025 12:01 PM

views 70

কাইলৈৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা আৰম্ভ

■ ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা কাইলৈৰ পৰা আৰম্ভ হব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মর্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্রিকেটাৰে কোহলিৰ লণ্ডনস্থিত বাসগৃহত উপস্থিত হয়। আটাইকেইগৰাকী খেলুৱৈৰ সৈতে বিৰাট কোহলিয়ে মত-বিনিময় কৰাৰ উপৰি একেলগে আহাৰ গ্ৰহণ কৰে। কোহলিয়ে আগন্তুক ‘তেণ্ডুলকাৰ- এণ্ডাৰছন' ট্ৰফীৰ বাবে খেলিব লগা টেষ্ট শৃংখলাৰ নৱ...

June 14, 2025 8:40 PM

views 34

লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়া ৫ উইকেটত পৰাস্ত

দক্ষিণ আফ্রিকাই লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ২৭ বছৰত প্ৰথমটো আই চি চি খিতাপ অর্জন কৰিছে। আফ্ৰিকাই ২৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এইডেন মার্কৰামৰ দৰ্শনিয় শতক আৰু আঘাটৰ সমস্যাত জৰ্জৰিত অধিনায়ক টেম্বা বাভুমাৰ অৰ্ধ শতকৰ সহায়ত আজি খেলৰ চতুৰ্থ দিনা ৫ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাডাই খেলখনত ৯ টা উইকেট দখল কৰে ।

June 6, 2025 8:25 PM

views 148

পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ভাৰতীয় ক্রিকেট দল ইংলেণ্ডলৈ ৰাওনা

ভাৰতীয় ক্রিকেট দলটো আজি পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। উল্লেখযোগ্য যে ২০০৭ চনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট শৃংখলাত জয়লাভ কৰা নাই।