August 27, 2025 8:16 PM

views 61

অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত

অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত হ'ব। ১ ছেপ্তেম্বৰলৈকে হ'বলগীয়া খেলকেইখন গুৱাহাটী বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়াম আৰু ফুলুংস্থিত এ চি এ ক্রিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ'ব। এই শৃংখলাটোৱে ভাৰত আৰু নেপালৰ মাজত থকা ক্রীড়া সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। সুমিত ঘড়িগাৱকাৰক অসমৰ দলৰ ৰ নেতৃত্ব প্ৰদান কৰা হৈছে। নেপালৰ দলটো ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে আৰু আজি দলটোৱে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ...

August 16, 2025 8:19 PM

views 50

ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱ

ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে। ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অ'পেন শর্ট ট্রেক স্পীড স্কেটিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত এছিয়াৰ ১১ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিব। ভাৰতৰ উপৰি চীন, জাপান, হংকং, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, চীনা টাইপে, ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপিনে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব।

August 4, 2025 8:11 PM

views 65

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতৰ ২-২ৰ সমতা স্থাপন

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতে ২-২ৰ সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টৰ আজি পঞ্চম দিনা কেৱল ৫৭ মিনিটতে ভাৰতীয় বলাৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৪ টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ায়। ইংলেণ্ড ৬ ৰাণত পৰাজিত হয়। মহম্মদ চিৰাজে বিধবংসী বলিঙেৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰে। মহম্মদ চিৰাজক প্লেয়াৰ অব দ্য মেচ আৰু শুভমন গিলক প্লেয়াৰ অব দ্য চিৰিজ ঘোষণা কৰা হয়।

August 2, 2025 1:01 PM

views 36

এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতৰ ২ উইকেটত ৭৫ ৰাণ সংগ্ৰহ

লণ্ডনৰ অ’ভেলত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৭৫ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। যশস্বী জয়ছোৱালে ৫১ আৰু আকাশ দীপে ৪ ৰান কৰি খেলি আছিল। ইংলেণ্ডৰ হৈ গাছ আটকিন্সন আৰু জছ টঙে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২৪৭ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২২৪ ৰান কৰে।

August 1, 2025 8:26 PM

views 52

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ডে দৃঢ় আৰম্ভণি কৰিছে আৰু প্রথম উইকেটৰ যুটীত অপেনাৰদ্বয় জেক ক্ৰলি আৰু বেন ডাকেটে ৯২ ৰান সংগ্ৰহ কৰে। বেন ডাকেট ৪৩ ৰান কৰি আউট হয়। বাতৰি লিখাৰ পৰলৈকে ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত তিন...

July 24, 2025 8:15 PM

views 71

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ’ৰ্ডত চতুর্থ ক্রিকেট টেষ্টত ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ'ৰ্ডত চলি থকা চতুর্থ ক্রিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভোজন বিৰতিৰ পৰলৈকে ৬ উইকেটৰ বিনিময়ত ৩২২ ৰান সংগ্ৰহ কৰা ভাৰতৰ হৈ ছাই সুদৰ্শন ৬১ ৰান কৰি, ছার্দুল ঠাকুৰে ৪১ বান আৰু ৰবীন্দ্ৰ জাডেজাই ২০ ৰান কৰি আউট হয়। কালি আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱা ভাৰতৰ উপ-অধিনায়ক ঋষভ পণ্ট বেটিং কৰিবলৈ আহে আৰু ভাৰতৰ ৰান সংখ্যা আগবঢ়াবলৈ চেষ্টা কৰে যদিও ক্রমাগত উইকেট পতনৰ ফলত ৩৫৮ ৰানত ইনিংছ সামৰি...

July 24, 2025 8:10 PM

views 54

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে পতাকা উত্তোলন কৰা প্ৰতিযোগিতাখনৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভ উদ্বোধন কৰে। প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিব।

July 23, 2025 9:05 PM

views 52

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ’ৰ্ডত অনুষ্ঠিত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ'ৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত ১০১ ৰান সংগ্ৰহ কৰিছে। কে এল ৰাহুল ৪৬ ৰান কৰি আউট হোৱাৰ পাছত যশস্বী জয়ছোৱালে ৫০ আৰু ছাই সুদৰ্শন ২ ৰান কৰি খেলি আছে। প্রথম উইকেটৰ যুটীত কে এল ৰাহুল আৰু জয়ছোৱালে ৯৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ আজি বেগী বলাৰ অঞ্চল কমবোজৰ টেষ্ট অভিষেক ঘটিছে। আনহাতে কৰুণ নায়াৰৰ স্থানত বেটাৰ ছাই সুদৰ...

July 15, 2025 12:17 PM

views 31

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ শৃংখলাত ইংলেণ্ডৰ ২-১ ৰ অগ্রগতি লাভ

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰিছে। লর্ডছত কালি অনুষ্ঠিত তৃতীয় টেষ্টৰ অন্তিম দিনা ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ নমা ভাৰতে ১৭০ ৰানতেই আটাইকেইটা উইকেট হেৰুৱায়। ৰবীন্দ্ৰ জাদেজা ৬১ ৰানত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ বেন ষ্ট’কছ আৰু জ’ফ্ৰা আৰ্চাৰে তিনিটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দুয়োটা দলেই প্রথম ইনিংছত ৩৮৭ ৰানকৈ সংগ্ৰহ কৰিছিল। বেন ষ্ট’কছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয় ৷

July 14, 2025 8:02 PM

views 54

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ ছটা উইকেট বাকী থকা অৱস্থাত ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে যদিও কালি অপৰাজিত হৈ থকা কে এল ৰাহুলে মাত্ৰ ৬ ৰান যোগ দিয়াৰ পাছতে ৩৯ ৰানত ষ্ট’কছৰ বলত এল বি ডব্লিউ আউট হয়। ঋষভ পণ্টো ৯ ৰানত জ’ফ্ৰা আৰ্চাৰৰ বলত আউট হয়। ৰবীন্দ্ৰ জাডেজাই নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে লগলাগি অষ্টম উইকেটৰ যুটী ৩০ ৰান যোগ দিয়ে যদিও নীতিশ কুমাৰ ৰেড্ডী ভোজন বিৰতিৰ ঠিক পূৰ্বে ১৩ ৰানত আউট হয়। আমাৰ বাতৰি যু...