দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত হৈছে। ৬ টা দল ভাৰত, শ্রীলংকা, আমেৰিকা, নেপল, অষ্ট্ৰেলিয়া আৰু পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অহা ২৩ অক্টোবৰত অন্ত পৰিব। শ্ৰীলংকাৰ কলম্বো ত ফাইনেল মেচখন অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু মীনাক্ষী লেখী উপস্থিত থাকে। আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত উদ্বোধনী মেছখনত ভাৰতে শ্রীলংকাক ১০ উইকেটত পৰাস্ত কৰে।
Assamese | November 11, 2025 7:52 PM | blind t20 world cup | Cricket | SPORTS
দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত