November 25, 2024 8:17 PM

views 59

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক মুখ্যমন্ত্রীৰ সাক্ষাৎ

 মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক সৌজন্যমূলক সাক্ষাত কৰি ৰাজ্যখন উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত শ্ৰী আচাৰ্য্যৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ সন্দৰ্ভত ৰাজ্যপাল গৰাকীক অৱগত কৰে। তেওঁ লগতে এনেধৰণৰ সকলো উন্নয়নমূলক কাম-কাজৰ পৰিকল্পনা সম্পর্কে ৰাজ্যপাল গৰাকীক জানিবলৈ দিয়ে।

October 25, 2024 6:44 PM

views 57

২৮ অক্টোবৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দীপাৱলী উদযাপন বিশেষ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ২৮ অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰি আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

October 22, 2024 8:06 PM

views 65

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ সৈতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত আজি নতুন দিল্লীত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণকৰণ সন...

September 25, 2024 7:37 PM

views 59

দীনদয়াল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত দীনদয়াল ফাউণ্ডেচনে আয়োজন কৰা বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসম ৱাটাৰ চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও আৰু নলবাৰী জিলাৰ শ্ৰৱণ ক্ষমতা লোপ পোৱা শিশুক সামৰি আৰ্থিকভাৱে দুৰ্বল ২০০ গৰাকী লোকক শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী শ্রী শর্মাই কয় যে দীনদয়াল শ্ৰৱণ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু ক'ল ইণ্ডিয়া লিমিটেডৰ মিলিত ...

September 12, 2024 7:44 PM

views 52

জনসাধাৰণক ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমত শেহতীয়াকৈঅবৈধ ট্রেডিং সম্পৰ্কীয় অপৰাধৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক এনেধৰণৰ ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। বিনিয়োগ কৰা ধন অতি কম সময়ৰ ভিতৰতে দুগুণ হ'ব বুলি কোনো লোকে কৰা দাবী স্পষ্টতঃ ভুৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে এনেধৰণৰ অপৰাধ ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইফালে, অনলাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাই ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-...

September 9, 2024 8:16 PM

views 63

ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে বিভিন্ন দিশ চালিজাৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি এখন বৈঠকত মিলিত হয়। এই পৰ্যায়ত ৩৭ লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলী এহেজাৰ ২৫০ টকাকৈ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি বৈঠকত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি-নির্দেশনাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, এইবাৰ এই আঁচনিৰ অধীনত ৰাজনৈতিকভাৱে সক্ৰিয় পৰিয়ালসমূহক এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখাটো নিশ্চিত কৰা হ'ব। তদুপৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজ...

September 7, 2024 12:43 PM

views 70

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰই পূৰ্বৰেপৰা জনজাতীয় মর্যাদা লাভ কৰা জনজাতিসমূহৰ অসুবিধা নোহোৱাকৈ পূৰ্বৰ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত সালসলনি কৰি নতুনকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে কেন্দ্ৰই বিচৰা ধৰণে প্ৰস্তাৱ প্ৰস্তুতৰ বাবে চিন্তা-চৰ্চা কৰিছে। এপ্রিল পর্যন্ত কোনো সমাধান সূত্র নোলালে পূৰ্বৰ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ দলৰ সৈতে আলোচনা কৰিব।

September 6, 2024 1:31 PM

views 77

অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃণমূল পৰ্যায়ত জনসাধাৰণ কেন্দ্ৰিক ফলপ্রসু প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে ৰাজ্যিক কেবিনেটে অহা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ প্ৰথম পৰ্যায়ত ৩৯ খন উপ জিলা কাৰ্যকৰী কৰি তোলাত অনুমোদন জনাইছে। ইয়াৰ ফলত বিধানসভা সমষ্টিভিত্তিক উপায়ুক্তৰ কাৰ্যালয় স্থাপনৰ পথ প্ৰশস্ত হ'ব।

September 6, 2024 1:14 PM

views 78

ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন কৰে। ৫৫ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সৌৰশক্তি উৎপাদনৰ বাবে উৎপাদন কেন্দ্ৰত এহেজাৰতকৈও অধিক সৌৰ শক্তি পেনেল স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দৈনিক ৭০০ কিলোৱাট শক্তি উৎপাদনৰ ব্যৱস্থা কৰা হৈছে।

August 27, 2024 7:00 PM

views 71

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে, সময়মতে আগবঢ়োৱা চিকিৎসা সাহায্যৰ বাবে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ শতাংশ হ্রাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।