পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয়া জিলা প্রশাসনে ও সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে হেলমেট পৰিধান নকৰা আৰু যান বাহন আইন ভংগকাৰীক নাকী লগাবলৈ শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আদি বিভিন্ন স্থানত দিনে নিশাই ব্যাপক অভিযান চলাই থকা হৈছে। ঢকুৱাখনাতো উদণ্ড বাইকার্ছ, পঞ্জীয়নবিহীন বাইক চালক আৰু ৰাজপথত বাইক ষ্টান্তৰ সমান্তৰালভাৱে সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আৰক্ষী তথা আবকাৰী বিভাগে যৌথ অভিযান অব্যাহত ৰাখিছে। ঢকুৱাখনা সদৰ থানা এলেকাত কালি নিশা চলা অভিযানকালত বহু কেইগৰাকী সুৰাসক্ত চালক আৰক্ষীৰ জালত পৰে। স্থানীয় গাঁওৰক্ষী বাহিনীয়েও এই অভিযানত সহযোগিতা আগবঢ়ায় ।
Assamese | December 26, 2024 12:27 PM | CM
মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ