December 4, 2024 12:17 PM | CM

printer

অশ্বিনী বৈষ্ণৱৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে দ্রুতগামী ৰে‘লেৰে সংযোগ দিয়াবলৈ ৰে‘ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে। কালি নতুন দিল্লীৰ সংসদ ভৱনত থকা ৰে‘ল মন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডº শৰ্মাই অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰে‘ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে আৰু ৰে‘ল বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈ ৰে‘ল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰে‘ল মন্ত্ৰী বৈষ্ণৱক অহা ফেব্ৰুৱাৰী মাহত হ‘বলগীয়া এডভান্টেজ আছাম চামিতলৈকো আমন্ত্রণ জনায়।