মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ দিছে। মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত ড° শৰ্মাই মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ তথা চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীক লৈহে বক্তব্য দিবলৈ পৰামৰ্শ আগবঢ়াইছে। ৰাজ্যত অব্যাহত থকা ১২ দিনীয়া বিকাশৰ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰীসকলে কৰা ৰাজনৈতিক মন্তব্যই মূল বিষয়সমূহৰ পৰা সাধাৰণ ৰাইজৰ দৃষ্টি কাঢ়ি নিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক মন্তব্য তথা প্ৰতিক্ৰিয়া এৰাই চলিবলৈ স্পষ্ট নির্দেশ দিছে। পত্ৰখনত মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে, চৰকাৰে জোৰদাৰভাৱে উন্নয়নমূলক তথা আর্থ সামাজিক উন্নয়নৰ অভিলাষী আঁচনিসমূহ আগুৱাই নিছে আৰু এই সময়ত এই কাৰ্যসূচীত কোনো বিক্ষিপ্ত বিষয় সোমাই নপৰাটো সুনিশ্চিত কৰাত সকলোৱে মনোনিৱেশ কৰিব লাগে।
Assamese | December 19, 2024 12:51 PM | CM
ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ