January 9, 2025 6:48 PM

views 65

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

January 7, 2025 1:20 PM

views 78

২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফৰ মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাতত সফলতা

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয় বুলি শ্ৰী সিঙে সংবাদমেলত প্ৰকাশ কৰে।

January 7, 2025 1:08 PM

views 68

ৰাজ্য চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা

অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে এই আহ্বান জনায়। তেওঁ এই অনুষ্ঠানতে উদ্যোগপতিসকলক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক নিজৰ উদ্যোগত অনুপ্ৰৱেশকাৰীসকলক শ্রমিক বা কৰ্মচাৰী হিচাপে নিয়োগ নকৰিবলৈ আহ...

December 26, 2024 1:15 PM

views 57

কাইলৈৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত হ'বলগীয়া অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্যমেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰীসমূহৰ প্ৰদৰ্শনীস্থলী থাকিব। এই অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা আছে।

December 26, 2024 12:27 PM

views 64

মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয়া জিলা প্রশাসনে ও সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে হেলমেট পৰিধান নকৰা আৰু যান বাহন আইন ভংগকাৰীক নাকী লগাবলৈ শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আদি বিভিন্ন স্...

December 26, 2024 12:11 PM

views 72

শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম সজাগ হ’বৰ হ’ল বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যখনত প্রতিদিনে প্রায় ২০-২৫ জন বাংলাদেশীক আটক কৰা হৈছে। ৰাজ্যখনত নজনাকৈ কিমান বাংলাদেশীৰ অনুপ্ৰৱে...

December 23, 2024 12:54 PM

views 65

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। বর্তমান গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ ল’ব। মুখ্যমন্ত্ৰীৰ...

December 19, 2024 12:54 PM

views 75

ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ লয়। এই সময়ছোৱাত দ্রুক হ’ল্ডিং এণ্ড ইনভেষ্টমেন্ট লিমিটেডে পৰিৱেশ সংৰক্ষণৰ লগতে অর্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়েও উদ্যোক্তাসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম টু পইণ্ট জিৰো শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত অংশগ্ৰহণৰ বাবে বিভিন্ন অংশীদাৰী আৰু উদ্যোগীসকলক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্রীয়ে এই ভ্রমণকালতে বিশ...

December 19, 2024 12:51 PM

views 67

ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ দিছে। মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত ড° শৰ্মাই মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ তথা চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীক লৈহে বক্তব্য দিবলৈ পৰামৰ্শ আগবঢ়াইছে। ৰাজ্যত অব্যাহত থকা ১২ দিনীয়া বিকাশৰ যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰীসকলে কৰা ৰাজনৈতিক মন্তব্যই মূল বিষয়সমূহৰ পৰা সাধাৰণ ৰাইজৰ দৃষ্টি কাঢ়ি নিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক মন্তব্য...

December 4, 2024 12:17 PM

views 61

অশ্বিনী বৈষ্ণৱৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে দ্রুতগামী ৰে'লেৰে সংযোগ দিয়াবলৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে। কালি নতুন দিল্লীৰ সংসদ ভৱনত থকা ৰে'ল মন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডº শৰ্মাই অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰে'ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে আৰু ৰে'ল বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈ ৰে'ল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰে'ল মন্ত্ৰী বৈষ্ণৱক অহা ফেব্ৰুৱাৰী মাহত হ'বলগীয়া এডভান্টেজ ...